প্ৰেম আৰু হৃদয়ৰ কথাৰে,কাৰ্চাং তাকাৰ ,নীলা খামৰ চিঠি

 প্ৰেম আৰু হৃদয়ৰ কথাৰে,কাৰ্চাং তাকাৰ ,নীলা খামৰ চিঠি

প্ৰেম আৰু হৃদয়ৰ কথাৰে,কাৰ্চাং তাকাৰ ,নীলা খামৰ চিঠি

প্ৰিয়তমা "ঐয়ঃ"

কেনেকৈনো বুজাওঁ;কেনেকৈনো কওঁ তুমি শাৰদী ৰাণী।ভালপোৱাবোৰ  তোমাতেই স্তিমিত,তুমিতো জানাই তোমাৰ প্ৰতি যিমান মোৰ প্ৰেম বিশালতা,আনৰ দৰে সঁজাব নোৱাৰিব পাৰো কিন্তু মোৰ ভালপোৱা তোমাতেই।

       মই কথা চহকী নহওঁ,কথাবোৰ পৰিপাটীকৈ ক'বলৈ। ভূলনো কাৰ নহয় ?পণ্ডিতৰো ভূল হয় মইনো কোন সকলো কোৱাবোৰ শুদ্ধ হ'বলৈ। 

          তুমিতো জানাই ,মই দিনবন্ধু!ধনেৰে সঁজাব নোৱাৰিলেওঁ কথাৰ প্ৰলাপেৰে ভালপোৱা শুশ্ৰুষাখনৰ দায়িত্বৰ কথা বুজি সঁজাব বিচাৰো?সকলো কথা জানোঁ দুয়োয়ে-দুয়োজনৰ কথা জীৱন ভৱিষ্যতৰ । এইভাৱেইটো তুমি মোৰ প্ৰতি ইমান চিন্তা এই কথা তাকোঁ জানোঁ,কিন্তু কি জানা তুমি যেন মোৰ অনল আগত এগুণ আছিল  এতিয়া তুমি অহাৰে পৰা তিনিগুণ হৈছে। তোমাৰ এই কোৱা কথাবোৰো মোৰ ভাল লাগে -সেয়ে ৰৈ থাকোঁ তোমাৰ কথাৰ বাবে। কিন্তু মই ব্যৰ্থ এই ক্ষেত্ৰতো-আঁচলতে মই এটা ডাঙৰ শূণ্য।  ভালপোৱাৰ ৰঙেৰে সঁজাব পৰাকৈয়ো দিছোনো কি?-অভিমানত ধাৰিত কৰাৰ বাহিৰে ,মই কেতিয়াবা ভাৱো-মই স্বাৰ্থপৰ,কেয়াৰলেচ,পগলা অথবা ভলিয়া আৰু মই দুখীয়া দৰিদ্ৰ ,ফেইলাৰ্চ।তুমি এইবোৰ জানিওঁ মোক ভালপোৱা ,মোৰ ভালহোৱা কামনা কৰা।

          আঁচলতে মই ব্যৰ্থ॥ভগৱানে দীৰ্ঘায়ু কৰক মোৰ আয়ুস কমাই তোমাৰ বৃদ্ধি কৰক। এই নিবনুৱা দুখীয়া জনৰ সেইয়াই প্ৰাৰ্থনা ভগৱানৰ ওচৰত।ঈশ্বৰে কৰক মোক কোনোবা এটাদিনত আনৰ দৰে মইয়ো সঁজাম ভালপোৱাৰ দকচিৰি তোমাৰে ডিঙিত--

(১)

তুমি সূৰ্য

তাপিত কৰা

বৰষুণ কৰা

-গঁজি গঁজি সেউজীয়া হওঁ

(২)

তুমি বিশাল হ'ব নালাগে

ক্ষুদ্ৰ নদীৰ টোপাল হ'লেওঁ জীৱন দীৰ্ঘায়ু হ'ব

(৩)

মই কাৰ্বন-ডাই-অক্সাইড হ'লে

তুমি অক্সিজেন হ'বা

ধ্ৰুৱতৰাৰ দৰে ল'ৰ মাৰিলে

বুকুত খামুচি ধৰিবা

((ভালপোৱাৰ অভিমান তুমি নকৰিলে কোনে কৰিব))


  ইতি

তোমাৰ কাৰ্চাং



কিছু প্ৰতিধ্বনি প্ৰেমৰ কথাৰে ,আগৰটিত এটি নীলাখামৰ চিঠি এজন  প্ৰেমীকে প্ৰেমীকালৈ অভিমানৰ ঠেহ ভাঙিবলৈ লিখা এটি প্ৰেম প্ৰগলভ পত্ৰ

আঁচলতে ,প্ৰেমৰ সুন্দৰতাবোৰ ভৰপুৰ অভিমানী সিজনে-সিজনৰ প্ৰতি ভালপোৱাবোৰ নিহিত হৈ থাকে তেতিয়াহে অভিমানী খং বোৰ কৰিব পাৰি।প্ৰেম হৈ যায় কৰা নাযায় এই সকলোবোৰ কথা জানোঁ  আঁচলতে এইবোৰ নদীৰ দৰে, নদীখনক কিমান দিনলৈ বোঁৱাব পাৰি এইটোৱেহে আঁচল কথা।সিজনে সিজনৰ প্ৰতি বুজা-বুজি ,প্ৰেমত যদি খং ৰাগ কাজিয়া আদিবোৰ  নাথাকে তেতিয়াহঁলে  প্ৰেমত আপুনি  কৰিছেনো কি?বিচ্ছেদ হৈছে প্ৰেমৰ আন এক অংশ কিন্তু মই বিচ্ছেদৰ কথা নকওঁ মই পাবলৈয়ে  প্ৰেম কৰো নতুন জীৱনৰ॥ প্ৰেমত কান্দিবলৈ নহয় আনন্দত হাঁহিবলৈয়ে কৰোঁ।গতিকে প্ৰত্যেক দিনাই উদযাপন কৰোঁহক প্ৰেমক,প্ৰেম হাড়ে সিমজুৱাকৈ থাকিলে প্ৰেম নৰিয়াত পৰি মৃত্যু হ'ব পাৰে।গতিকে প্ৰতি দিনে নিশাই পানী দিয়ক প্ৰেমক,প্ৰেমকো লাগে সময় আৰু গুৰুত্ব।॥

👉আপোনাৰো লিখা আছেনেকি নীলা খামৰ চিঠি  দৈনিক প্ৰকাশৰ বাবে আমালৈ প্ৰেৰণ কৰিব পাৰিব॥



Post a Comment

0 Comments